Skip to main content
x
Avi Dandiya facebook profile

পুলৱামা কাণ্ডৰ অডিঅ’ ক্লিপ! সত্য নহয় অভি দাণ্ডিয়াৰ ভিডিঅ’

পুলৱামা কাণ্ড শাসকীয় দল বিজেপিৰ নিকৃষ্ট ষড়যন্ত্ৰ৷ ২৭ ফেব্ৰুৱাৰীত ফেচবুক লাইভযোগে এই দাবী কৰিছিল অভি দাণ্ডিয়া নামৰ এজন লোকে৷ তাৰ প্ৰমাণ স্বৰূপে উক্ত ফেচবুক লাইভত তেওঁ গৃহমন্ত্ৰী ৰাজনাথ সিং, বিজেপি অধ্যক্ষ অমিত শ্বাহ আৰু এগৰাকী অজ্ঞাত মহিলাৰ মাজৰ কথা-বতৰাৰ অডিঅ’ ক্লিপো প্ৰকাশ কৰিছিল৷ এতিয়া দাণ্ডিয়াই সেই ফেচবুক লাইভ ডিলিট কৰিছে যদিও ইতিমধ্যে সেয়া ভাইৰেল হৈ পৰিছে৷ ইউটিউবতো বৰ্তমান দাণ্ডিয়া ফেচবুক লাইভৰ দৃশ্য একাধিক চেনেলে আপলোড কৰিছে৷
 
দাণ্ডিয়াৰ সেই ফেচবুক লাইভক লৈ পাকিস্তানতো ব্যাপক চৰ্চা চলা দেখা গৈছে৷ একাধিক পাক সংবাদ প্ৰতিষ্ঠানে নিজৰ ৱেবছাইটত প্ৰকাশ কৰিছে৷
 
সৰ্বত্ৰে এনেদৰে ভাইৰেল হৈ পৰিলেও প্ৰকৃততে এয়া হৈছে সম্পূৰ্ণৰূপে অসত্য। এণ্টি ফেক নিউজ ৱেবছাইট 'অল্ট নিউজ’ৰ অনুসন্ধানত পোহৰলৈ আহিছে যে বিজেপি নেতাকেইগৰাকীয়ে পূৰ্বতে দিয়া সাৎক্ষাকাৰক পৃথক-পৃথককৈ কাটি অডিঅ’ ক্লিপটো প্ৰস্তুত কৰা হৈছে। সাক্ষাৎকাৰৰ অডিঅ’ ক্লিপসমূহো এনেদৰে এডিট কৰা হৈছে যে সেয়া কেবাবাৰো শুনিলেও ৰাজনাথ সিং আৰু অমিত শ্বাহে এগৰাকী মহিলাৰ সৈতে লগলাগি ভাৰতীয় জোৱানক হত্যা কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা বুলি পতিয়ন যাবলৈ শ্ৰোতা-দৰ্শক বাধ্য হৈ পৰে।
 
আৰিফ খান নামৰ টুইটাৰ ইউজাৰ এগৰাকীয়ে প্ৰথমে প্ৰমাণ দাঙি ধৰি সকলোকে অভি দাণ্ডিয়াৰ ফেচবুক লাইভ সন্দৰ্ভত সতৰ্ক কৰি দিয়ে। ইয়াৰ পিছতে অল্ট নিউজে বিষয়টোক গুৰুত্বসহকাৰে সবিশেষ তথ্যপ্ৰমাণসহ প্ৰতিবেদন প্ৰকাশ কৰে। উক্ত প্ৰতিবেদনত প্ৰকাশ পোৱামতে দাণ্ডিয়াই ফেচবুক লাইভত দাবী কৰা ৰাজনাথ সিঙৰ ক্লিপ '“जवानो के सवाल पर हमारी देश बहुत सेंसेटिव है, बहुत संवेदनशील है…” অংশটো লোৱা হৈছে ২২ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰীগৰাকীয়ে ইণ্ডিয়া টুডে টিভিক দিয়া এক সাক্ষাৎকাৰৰ পৰা। উক্ত সাক্ষাৎকাৰটো হৈছে পুলৱামা কাণ্ডৰ পিছত গৃহমন্ত্ৰীয়ে দিয়া প্ৰথমটো সাক্ষাৎকাৰ।   
 
ইণ্ডিয়া টুডে টিভিক দিয়া উক্ত সাক্ষাৎকাৰৰ ৮.৩৯ মিনিটত গৃহমন্ত্ৰীগৰাকীয়ে কয়, '“जवानो के सवाल पर हमारी देश बहुत सेंसेटिव है, बहुत संवेदनशील है…”। দাণ্ডিয়াৰ অডিঅ’ ক্লিপটোত 'গৱৰ্ণমেণ্ট’ শব্দটো 'দেশ’লৈ সলনি কৰি দিয়া হৈছে।
 
সাক্ষাৎকাৰটোৰ ১০.৪১ মিনিটত গৃহমন্ত্ৰীয়ে কয়, '“राष्ट्रभक्ति की भावना उनके अंदर कूट कूट कर भरी होगी”। লেফটেনেণ্ট জেনেৰেল দীপেন্দ্ৰ সিং হুড্ডাৰ বিষয়ে ক’বলৈ গৈ ইণ্ডিয়া টুডে টিভিৰ সাক্ষাৎকাৰত এইদৰে কৈছিল ৰাজনাথ সিঙে। পিছে দাণ্ডিয়াৰ ক্লিপটোত অৰ্থ সলনি কৰিবলৈ 'ৰাষ্ট্ৰভক্তি’ শব্দটো উঠাই তাৰ পিছৰখিনি ব্যৱহাৰ কৰা হৈছে।
 
অল্ট নিউজে প্ৰতিবেদনত প্ৰকাশ কৰিছে যে তেওঁলোকে এতিয়ালৈকে দাণ্ডিয়াৰ ক্লিপটোত থকা অমিত শ্বাহৰ কথোপকথনখিনিৰ উৎস উদ্ধাৰ কৰিব পৰা নাই। অৱশ্যে অডিঅ’ ক্লিপটোৰ লহৰলৈ চাই এয়া দৃঢ়তাৰে কৈছে যে উক্ত অংশখিনিও অমিত শ্বাহৰ পূৰ্বৰ সাক্ষাৎকাৰ আৰু ভাষণৰ পৰা উধৃত কৰি সম্পাদনা কৰা হৈছে।
 
অল্ট নিউজে ৰাজনাথ সিঙৰ ক্লিপটোৰ ক্ষেত্ৰত দিয়া প্ৰমাণৰ জৰিয়তে এয়া স্পষ্ট হৈ পৰে যে দাণ্ডিয়াই ফেচবুক লাইভত প্ৰকাশ কৰা অডিঅ’ ক্লিপটো প্ৰকৃততে একাধিক ক্লিপ সম্পাদনা কৰি প্ৰস্তুত কৰা হৈছে। অৰ্থাৎ এয়া স্পষ্ট যে অভি দাণ্ডিয়াৰ উক্ত দাবী সম্পূৰ্ণৰূপে 'ফেক’। ইতিমধ্যে এনে ফেক অডিঅ’ ক্লিপ ভাইৰেল কৰাৰ অভিযোগত দাণ্ডিয়াৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে। উল্লেখ্য যে প্ৰবাসী ভাৰতীয় অভি দাণ্ডিয়া হৈছে আমেৰিকাৰ ডালাছ চহৰৰ বাসিন্দা। ২০১৪ৰ পূৰ্বে নিজৰ ফেচবুক পেজযোগে বিজেপিৰ ইতিবাচক দিশসমূহ দাঙি ধৰা দাণ্ডিয়াই পৰৱৰ্তী সময়ত বিজেপিৰ বিৰুদ্ধে নেতিবাচক পোষ্ট দিবলৈ লয়।