Skip to main content
x

মোদী নহয়, জৱহাৰলাল নেহৰুহে কুম্ভমেলালৈ যোৱা প্ৰথমজন প্ৰধানমন্ত্ৰী

ত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ চহৰস্থিত গংগা নদীৰ ঘাটত ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজন কৰা কুম্ভমেলাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ২৪ জানুৱাৰীত উপস্থিত হৈ পবিত্ৰ গংগা নৈত ডুব মাৰিছিল৷প্ৰধানমন্ত্ৰীগৰাকীয়ে গংগা নদীত ডুব মৰা ফটো সংবাদমাধ্যম আৰু ছ’চিয়েল মিডিয়াত ব্যাপক হাৰত প্ৰচাৰ হয়৷ সেই সময়তে শাসকীয় দল বিজেপিৰ আইটি চেলৰপ্ৰধান অমিত মালব্যয়ই এটি টুইট কৰি কয় যে ‘‘ইমান বছৰৰ ভিতৰত কুম্ভমেলালৈ যোৱা প্ৰথম ৰাজ্য প্ৰধান৷’’

বিজেপিৰ আইটি চেলৰপ্ৰধান অমিত মালব্যয়ই টুইট কৰি কোৱাৰ দৰে প্ৰধানমন্ত্ৰী ৰাজ্যৰ প্ৰধান নহয়৷প্ৰকৃততে চাবলৈ গলে প্ৰধানমন্ত্ৰী হৈছে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান৷ভাৰতত ৰাষ্ট্ৰপতি হৈছে দেশৰ প্ৰধান৷কিন্তু কুম্ভ মৈলালৈ যাত্ৰা কৰা দেশৰ প্ৰথম ৰাষ্ট্ৰপতি হৈছে  ৰাজেন্দ্ৰ প্ৰসাদ৷বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাখ কোৱিন্দে খোদ টুইট কৰি কৈছে যে প্ৰসাদে ১৯৫৩ চনত মেলালৈ আহিছিল৷

BJP IT Cell head posting on Twitter

ইয়াৰ লগে লগে নৰেন্দ্ৰ মোডী কুম্ভ মেলালৈ যোৱা প্ৰথম প্ৰধানমমন্ত্ৰী নহয়৷ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুৱে ১৯৫৪ চনত কুম্ভমেলালৈ গৈছিল৷‘Pilgrimage and Power: The Kumbh Mela in Allahabad, 1765-1954′ গ্ৰন্থত কামা মেকলিন নামৰ লোকগৰাকীয়ে ‘১৯৫৪ চনত কুম্ভ মেলাত নেহেৰু’ কেপচন দি নেহেৰুৱে মেলাত অংশ লোৱা ছবি এখন তেওঁৰ গ্ৰন্থখনত প্ৰকাশ কৰিছিল৷ গ্ৰন্থখনত লিখিছিল যে ‘‘মেলাত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নেহেৰুৱে ব্যক্তিগত ৰূপে এই ব্যৱস্থাৰ সৈতে সংপৃক্ত হৈ পৰিবৰ বাবেই এই স্থান যাত্ৰা কৰে৷ যদিও এই স্থান উত্তৰ প্ৰদেশ চৰকাৰৰ অধিনৰ৷’’পূহৰ পূৰ্ণিমাৰ দ্বিতায় যাত্ৰাত গংগাৰ ঘাটত বহি পানীত হাত বুলাই থকা দেখা গৈছে নেহেৰুক৷মিডিয়াত সেই সময়ত ফটো প্ৰচাৰ হৈছিল৷কেৱল নেহেৰুৱে নহয় কেইবাগৰাকী প্ৰধানমন্ত্ৰীয়ে কুম্ভমেলালৈ গৈছিল৷

বিজেপিৰ আইটি চেলৰপ্ৰধান অমিত মালব্যয়ই টুইট কৰি কোৱাৰ দৰে কুম্ভমেলাত গংগাৰ পানীত ডুব মৰা প্ৰথম প্ৰধান নহয় নৰেন্দ্ৰ মোডী৷প্ৰথমে গৈছিল জৱহৰলাল নেহেৰুৱে৷